বাঁহৰ ভিনেগাৰ: বাঁহৰ আৱৰ্জনাৰ পৰা উত্তৰ-পূব ভাৰতে এক ‘সেউজ ৰসায়ন’ উদ্যোগ গঢ়িব পাৰিবনে?
দ্যা নৰ্থ-ইষ্ট ৰেনেশাঁ চিৰিজ (উত্তৰ-পূব নৱজাগৰণ শৃংখলা) ৪০,০০০ কোটি টকীয়া ভাৰতীয় বজাৰ আৰু কেইবা বিলিয়ন ডলাৰৰ গোলকীয় ভৱিষ্যতৰ এক চিন্তা-ভাৱনা কেইবা দশক ধৰি উত্তৰ-পূব ভাৰতে বাঁহক এক অতি ঠেক অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা চাই আহিছে। বাঁহক লৈ হোৱা আলোচনা বা চিন্তা-ভাৱনাবোৰ পৰম্পৰাগতভাৱে কেৱল আচবাব তৈয়াৰী, হস্তশিল্প, নিৰ্মাণ কাৰ্য, কাগজ উৎপাদন বা সৰ্বাধিক হ’লে কম মূল্যৰ জৈৱভৰ…
