উত্তৰ-পূব ভাৰত আৰু বাঁহৰ দীঘলীয়া সম্পৰ্ক: বিশ্বজোৰা বাঁহৰ পুতলা উদ্যোগ গঢ়ি তুলিব পৰা যাবনে ?
উত্তৰ-পূব ভাৰতৰ যিকোনো এখন ঠাইত ভৰি দিলেই বাঁহৰ বহুমুখী ব্যৱহাৰ আৰু ইয়াৰ অপাৰ সম্ভাৱনীয়তা সহজেই চকুত পৰে। অসম, ত্ৰিপুৰা, মিজোৰাম, নগালেণ্ড, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু মণিপুৰ— এই সকলোবোৰ ৰাজ্যতে বাঁহে যুগ যুগ ধৰি মানুহৰ জীৱিকাৰ অন্যতম প্ৰধান সম্বল হিচাপে ভূমিকা পালন কৰি আহিছে। আচবাব, দৈনন্দিন ব্যৱহাৰ্য ডলা-চালনী বা পাচি-খৰাহী, গৃহসজ্জাৰ সামগ্ৰী, পাকঘৰৰ সঁজুলি, নিৰ্মাণ কাৰ্যত…
