পৰিৱৰ্তনৰ উৰণপথ: উত্তৰ-পূব ভাৰতৰ ভাগ্য সলনি কৰা বিমানকোঠসমূহ
উত্তৰ-পূব ভাৰত দীৰ্ঘদিন ধৰি কেৱল ভৌগোলিক দূৰত্বৰ বাবে মূলসূঁতিৰ পৰা কিছু আঁতৰি আছিল। ইয়াৰ পাহাৰ, নদী, অৰণ্য আৰু দুৰ্গম ভূখণ্ডই কেৱল ইয়াৰ ভূগোলকে নিৰ্ধাৰণ কৰা নাছিল, বৰঞ্চ ইয়াৰ অৰ্থনৈতিক ভাগ্যও নিয়ন্ত্ৰণ কৰিছিল। দেশৰ অন্যান্য প্ৰান্তত যি যাত্ৰা অতি সাধাৰণ আছিল, আমাৰ ইয়াত সেয়া আছিল এককষ্টকৰ অভিযান। ফলত সমগ্ৰ সমাজখনেই এক সুকীয়া পৰিৱেশত ডাঙৰ-দীঘল হৈছিল আৰু…
