অসমীয়া তথ্যচিত্ৰ প্ৰচ্ছদ - উত্তৰ-পূৰ্বাঞ্চলত বাঁহৰ আঁহ উৎপাদন আৰু ৬৭,০০০ কোটি টকাৰ অৰ্থনৈতিক সম্ভাৱনা
| |

বাঁহৰ আঁহ কেনেকৈ তৈয়াৰ কৰা হয় — আৰু উত্তৰ-পূৰ্বাঞ্চলৰ এক বহনক্ষম বস্ত্ৰশিল্পৰ ভৱিষ্যত কিয় প্ৰয়োজন?

উত্তৰ-পূৰ্বাঞ্চল নৱজাগৰণ শৃংখলা

ভাৰতীয় বজাৰত ৬৭,০০০ কোটি টকাৰ সম্ভাৱনা আৰু বিশ্বজুৰি বহু বিলিয়ন মাৰ্কিন ডলাৰৰ ভৱিষ্যতৰ এক পথচিত্ৰ।

উত্তৰ-পূৰ্বাঞ্চলৰ বস্ত্ৰশিল্পৰ কাহিনীটো অতি আকৰ্ষণীয়, অতুলনীয় দক্ষতাৰে ভৰা আৰু একেলগে এক সাঁথৰৰ দৰে। অসম, নগালেণ্ড, মণিপুৰ, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, ছিকিম, আটাইকেইখন ৰাজ্যতে বোৱা-কটা কেৱল এটা জীৱিকা নহয়। এয়া আমাৰ শিপা, আমাৰ পৰিচয় আৰু প্ৰতিটো আৰ্হিত ফুটি উঠা সাংস্কৃতিক চেতনা। আমাৰ হস্ততাঁত আৰু থলুৱা শিল্পই এই অঞ্চলটোক দেশৰ বাকী অংশতকৈ সদায় পৃথক আৰু মৰ্যাদাপূৰ্ণ স্থান দি আহিছে।

কিন্তু এই সাংস্কৃতিক চহকী ঐতিহ্যৰ আঁৰত এটা ডাঙৰ অৰ্থনৈতিক নাটনিও লুকাই আছে, যাৰ ওপৰত চকু দিয়াটো অতি জৰুৰী। উত্তৰ-পূৰ্বাঞ্চলে কাপোৰ  তৈয়াৰ কৰাটো সঁচা, কিন্তু কাপোৰ তৈয়াৰ কৰাৰ আটাইতকৈ প্ৰয়োজনীয় কেঁচামালখিনিৰ ওপৰত আমাৰ নিজৰ কোনো নিয়ন্ত্ৰণ নাই। আমাৰ থলুৱা বয়ন শিল্পত আটাইতকৈ বেছি ব্যৱহাৰ হোৱা সূতাখিনি আহে কপাহৰ পৰা, কিন্তু এই অঞ্চলত বৃহৎ পৰিমাণে কপাহ খেতি কৰা নহয়। ফলত বহিঃৰাজ্যৰ পৰা কপাহৰ সূতা কঢ়িয়াই আনিবলগীয়া হয়। পৰিবহন খৰচ আৰু মধ্যভোগীৰ বাবে আমাৰ শিপিনীসকলে অতি বেছি মূল্য দি সূতা কিনিবলগীয়া হয়। ইয়াৰ বাবে হাতে বোৱা কাপোৰবোৰৰ উৎপাদন ব্যয় বাঢ়ি যায় আৰু বজাৰত প্ৰতিযোগিতাত তিষ্ঠি থকাটো টান হৈ পৰে। সহজ কথাত ক’বলৈ গ’লে, আমাৰ হাতত বয়ন দক্ষতা আছে, কিন্তু কেঁচামালৰ স্বাধীনতা নাই।https://thequantiq.com/as/northeast-green-manufacturing-renaissance/

এটা প্ৰশ্নই সলনি কৰিব পাৰে সমগ্ৰ ছবিখন

এই দুৰ্বলতাই আমাক এটা ডাঙৰ আৰু পৰিৱৰ্তনকামী প্ৰশ্নৰ সন্মুখীন কৰাইছে। উত্তৰ-পূৰ্বাঞ্চলক নিজৰ বস্ত্ৰশিল্পৰ ভৱিষ্যত সদায় বাহিৰৰ পৰা অনা কপাহৰ অৰ্থনীতিৰ ওপৰতে গঢ়ি তুলিবলৈ বাধ্য কৰা হ’ব নেকি? নে ই নিজৰ প্ৰাকৃতিক সম্পদক ব্যৱহাৰ কৰি এটা নতুন স্বাৱলম্বী আৰ্হি তৈয়াৰ কৰিব পাৰিব? এই প্ৰশ্নটো বৰ্তমান সময়ত অতি প্ৰাসংগিক, কাৰণ ভাৰত চৰকাৰে বস্ত্ৰ খণ্ডটোক এক বিশেষ অগ্ৰাধিকাৰ ক্ষেঁত্ৰ হিচাপে গ্ৰহণ কৰিছে। ইফালে, বিশ্বৰ ফেশ্বন জগততো এতিয়া এক ডাঙৰ পৰিৱৰ্তন আহিছে।

ইউৰোপ, উত্তৰ আমেৰিকা আৰু এছিয়াৰ বিভিন্ন প্ৰান্তত গ্ৰাহক তথা ডাঙৰ ব্ৰেণ্ডবোৰে এতিয়া   ক্ষিপ্ৰ ফেশ্বন’ (‘ফাষ্ট ফেশ্বন) আৰু ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰি কৰা বস্ত্ৰ উৎপাদনৰ ক্ষতিকাৰক প্ৰভাৱক লৈ প্ৰশ্ন তুলিবলৈ আৰম্ভ কৰিছে। পৰিৱেশ-অনুকূল ফেশ্বন (Sustainable fashion), নৈতিক উৎস (Ethical sourcing) আৰু প্ৰাকৃতিক কেঁচামালৰ ব্যৱহাৰ এতিয়া কেৱল চৰ্চাৰ মাজতে সীমাৱদ্ধ হৈ থকা নাই, বৰঞ্চ ই এক বিশ্বজনীন ব্যৱসায়িক নীতি হৈ পৰিছে। যিকোনো ডাঙৰ পৰিৱৰ্তনেই নতুন সুযোগ লৈ আহে। উত্তৰ-পূৰ্বাঞ্চলৰ বাবে তেনে এক সোণালী সুযোগ আমাৰ চৌপাশে বাঁহ গছৰ ৰূপত গজালি মেলি আছে।

উদ্যোগ খণ্ডত বাঁহৰ ভূমিকা কিয় অনন্য?

যোৱা কেইবাটাও দশক ধৰি বাঁহক কেৱল ঘৰ সজা, হস্তশিল্প, বেৰা, খৰাহী বা কাগজ কলৰ কেঁচামাল হিচাপেহে এক ঠেক অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা চোৱা হৈছে। প্ৰতি নিশাই থলুৱা বাঁহেৰে ভৰ্তি শ শ ট্ৰাক আমাৰ অঞ্চলৰ পৰা বাহিৰৰ উদ্যোগসমূহলৈ গুচি যায়। ইয়াৰ সৈতে কেৱল বাঁহখিনিয়েই নাযায়, বৰঞ্চ স্থানীয়ভাৱে কৰিব পৰা উপাৰ্জনৰ একো একোটা ডাঙৰ সুযোগো হাতছাড়া হৈ যায়। কিন্তু বৰ্তমান বিশ্ব অৰ্থনীতিত বাঁহক এক অতি উচ্চমানৰ সম্পদ হিচাপে গণ্য কৰা হয়।

আজিকালি বাঁহ কেৱল এটা গ্ৰাম্য সম্পদ হৈ থকা নাই। ইয়াৰ ব্যৱহাৰ উন্নত নিৰ্মাণ সামগ্ৰী, কাৰ্বন নিয়ন্ত্ৰণ ব্যৱস্থা, সেউজ ৰসায়ন আৰু বহনক্ষম কাপোৰ তৈয়াৰ কৰাত ব্যৱহাৰ হ’বলৈ ধৰিছে। আটাইতকৈ ডাঙৰ কথাটো হ’ল, উত্তৰ-পূৰ্বাঞ্চলত বাঁহ প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াৰ বাবে কপাহ খেতিৰ দৰে বিশাল ভূমি, অতিৰিক্ত জলসিঞ্চন বা বিশেষ কৃষি ব্যৱস্থাৰ প্ৰয়োজন নাই। ই অতি খৰকৈ বাঢ়ি আহে আৰু এবাৰ কাটিলে আকৌ গজালি মেলে। সেয়েহে, আটাইতকৈ আকৰ্ষণীয় সুযোগটো বাঁহৰ সাধাৰণ সামগ্ৰী তৈয়াৰ কৰাতকৈ বাঁহৰ পৰা উন্নত মানৰ ‘টেক্সটাইল ফাইবাৰ’ বা আঁহ প্ৰস্তুত কৰাতহে লুকাই আছে।

এটা গুৰুত্বপূৰ্ণ পাৰ্থক্য: কেমিকেল ভিস্ক’জ বনাম মেকানিকেল আঁহ

বাঁহৰ আঁহৰ সম্ভাৱনা বুজি পোৱাৰ আগতে এটা কথা স্পষ্টকৈ জনা দৰকাৰ। আন্তঃৰাষ্ট্ৰীয় বজাৰত “বাঁহৰ কাপোৰ” বুলি যিবোৰ পোৱা যায়, সেইবোৰৰ বেছিভাগেই প্ৰাকৃতিক বা যান্ত্ৰিকভাৱে উলিওৱা আঁহ নহয়। সেইবোৰ হ’ল ‘বাঁহৰ ভিস্ক’জ’ বা ‘ৰেয়ন’ (Bamboo Viscose/Rayon)। ইয়াক প্ৰস্তুত কৰিবলৈ তীব্ৰ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰি বাঁহখিনিক সিজাই পেলোৱা হয় আৰু তাৰ পিছত আঁহ তৈয়াৰ কৰা হয়। যদিও এই ব্যৱসায় লাভজনক, তথাপিও ইয়াৰ ক্ষতিকাৰক ৰাসায়নিক প্ৰক্ৰিয়াৰ বাবে বিশ্বৰ উন্নত বজাৰসমূহত এতিয়া ইয়াক কঢ়া নজৰত ৰখা হৈছে।

ইয়াতেই আমাৰ বাবে এক ডাঙৰ সুযোগ আছে। মেকানিকেল বা যান্ত্ৰিক উপায়েৰে প্ৰস্তুত কৰা বাঁহৰ আঁহ ( য’ত ক্ষতিকাৰক ৰসায়নৰ পৰিৱৰ্তে শাৰীৰিক আৰু জৈৱিক পদ্ধতি ব্যৱহাৰ কৰা হয় ) পৰিৱেশ-অনুকূল বস্ত্ৰ বজাৰত বহুখিনি বিশ্বাসযোগ্য আৰু আদৰণীয়। এই প্ৰযুক্তিগত প্ৰক্ৰিয়াটোক যদি আমি আয়ত্ত কৰিব পাৰোঁ, তেন্তে উদ্যোগ জগতত কোনেও আমাক চেৰ পেলাব নোৱাৰিব।

বাঁহৰ আঁহ প্ৰকৃততে কেনেকৈ তৈয়াৰ কৰা হয়?

বাঁহনিৰ পৰা কাপোৰ বোৱা আঁহ প্ৰস্তুত কৰাৰ এই যাত্ৰাটো কেইবাটাও গুৰুত্বপূৰ্ণ বৈজ্ঞানিক ঢাপৰ মাজেৰে পাৰ হয়। যিকোনো নতুন উদ্যমী বা বিনিয়োগকাৰীয়ে এই কেইটা ঢাপ ভালদৰে বুজি লোৱা উচিত:

ঢাপ ১: বাঁহ বাছনি আৰু খেতি

সকলো প্ৰজাতিৰ বাঁহ আঁহ উলিওৱাৰ বাবে উপযুক্ত নহয়। যিবোৰ বাঁহৰ আঁহৰ ঘনত্ব বেছি, পাববোৰ দীঘল আৰু চেলুল’জৰ পৰিমাণ সঠিক, সেইবোৰহে বাছি লোৱা হয়। কেৱল মেচিন ভাল হ’লেই নহ’ব, কেঁচামালখিনিও নিখুঁত হ’ব লাগিব। পূৰঠ বাঁহ কাটি আনি, চাফা কৰি, ফালি আৰু ইয়াৰ আদ্ৰতা (Moisture) সঠিকভাৱে নিয়ন্ত্ৰণ কৰিহে প্ৰক্ৰিয়াটো আৰম্ভ কৰা হয়।

ঢাপ ২: মেকানিকেল ডিকৰ্টিকেশ্যন (যান্ত্ৰিকভাৱে থেতেলা )

প্ৰথমতে বাঁহখিনিক দীঘলীয়া কামী হিচাপে ফালি লোৱা হয়। ইয়াৰ পিছত যান্ত্ৰিক ব্যৱস্থাৰ সহায়ত ইয়াক এনেদৰে থেতেলিয়াই দিয়া হয় যাতে ইয়াৰ ভিতৰৰ কঠিন গাঁথনিটো ভাঙি যায়, কিন্তু মূল আঁহবোৰ নষ্ট নহয়। এই প্ৰক্ৰিয়াই বাঁহৰ কোমল অংশ আৰু টান আঁহখিনিক ইটোৰ পৰা সিটোক পৃথক কৰে। দেখাত সহজ যেন লাগিলেও এয়া এক উন্নত পদাৰ্থ বিজ্ঞানৰ কৌশলেৰে কৰা হয়, কাৰণ কপাহৰ দৰে বাঁহৰ আঁহ সহজে ওলাই নাহে; ই এক অতি কঠিন কোষীয় গাঁথনিৰ ভিতৰত সোমাই থাকে।

ঢাপ ৩: এনজাইমৰ সহায়ত পৰিশোধন (Enzyme-Assisted Refinement)

থেতেলিয়াই লোৱাৰ পিছতো আঁহবোৰত কিছুমান অলাগতিয়াল আঠা (Lignin, Gums) লাগি থাকে। ইয়াক আঁতৰাবলৈ কোনো টান কেমিকেল ব্যৱহাৰ নকৰি এক বিশেষ নিয়ন্ত্ৰিত এনজাইম (Enzyme) ব্যৱস্থা ব্যৱহাৰ কৰা হয়। এই এনজাইমে অলাগতিয়াল অংশবোৰ গলাই পেলায় কিন্তু আঁহৰ শক্তি অটুট ৰাখে। আঁহটো কিমান কোমল হ’ব, কিমান নমনীয় হ’ব আৰু সূতা কাটিবলৈ কেনেকুৱা হ’ব — সেয়া এই ঢাপটোতে নিৰ্ধাৰণ হয়। সমগ্ৰ প্ৰক্ৰিয়াটোৰ ভিতৰত এইটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ ঢাপ।

ঢাপ ৪: ধোৱা, শুকুওৱা আৰু ফণিওৱা (Washing & Alignment)

এনজাইমেৰে পৰিশোধন কৰাৰ পিছত আঁহবোৰ ভালদৰে ধুই শুকুৱাই লোৱা হয়। ইয়াৰ পিছত বিশেষ ফণিৰ সহায়ত ইয়াক আঁচুৰি পৰিপাটী আৰু পোন কৰি লোৱা হয় যাতে ইয়াৰ পৰা সহজে সূতা কাটিব পৰা যায় বা আন সূতাৰ সৈতে মিহলাব পৰা যায়। ইয়াৰ পিছতেই ওলাই পৰে আমাৰ আচল বাঁহৰ আঁহ — যাৰ মাজেৰে অতি সহজে বায়ু চলাচল কৰিব পাৰে (Breathable), যা প্ৰাকৃতিকভাৱে সুন্দৰ আৰু শক্তিশালী।

অৰ্থনৈতিক সম্ভাৱনাৰ খতিয়ান

সূচকআনুমানিক হিচাপ
ভাৰতীয় বহনক্ষম বস্ত্ৰ আৰু প্ৰাকৃতিক আঁহৰ বজাৰ₹৬,৫০০ – ₹৭,৫০০ কোটি
বিশ্বজনীন বহনক্ষম আৰু পৰিৱেশ-অনুকূল ফেশ্বন অৰ্থনীতিবহু বিলিয়ন মাৰ্কিন ডলাৰৰ বজাৰ
প্ৰাৰম্ভিক মূলধন বিনিয়োগ (প্ৰকল্প অনুসৰি)₹১ – ₹৩ কোটি
বিনিয়োগ উভতি অহাৰ সময় (Estimated ROI Window)৩০ – ৪০ মাহ
লাভৰ আনুমানিক হাৰ (Margin Range)২৫% – ৪০%
নিয়োগৰ সম্ভাৱনাঅত্যন্ত বেছি
পৰিসৰ বৃদ্ধিৰ সম্ভাৱনা (Scale Potential)ৰপ্তানি আৰু বিশ্বজনীন যোগানৰ কেন্দ্ৰবিন্দু

সতৰ্কীকৰণ টোকা:

ওপৰত দিয়া বিত্তীয় সূচকসমূহ বৰ্তমানৰ উদ্যোগিক ধাৰা আৰু বজাৰৰ ওপৰত ভিত্তি কৰি কৰা এক আনুমানিক দিশ-দৰ্শনহে। প্ৰযুক্তিৰ ব্যৱহাৰ, দক্ষতা, গুণগত মান আৰু বজাৰৰ চাহিদাৰ ওপৰত ভিত্তি কৰি ব্যৱসায়িক ফলাফল সলনি হ’ব পাৰে। বিনিয়োগৰ সিদ্ধান্ত লোৱাৰ আগতে উদ্যমীসকলে নিজাববীয়াকৈ কাৰিকৰী আৰু বিত্তীয় অনুসন্ধান কৰি লোৱাটো বাঞ্ছনীয়।

আঁহৰ পৰা এক শক্তিশালী আঞ্চলিক ৰণনীতি

বাঁহৰ আঁহ প্ৰস্তুত কৰাৰ গুৰুত্ব কেৱল উৎপাদনৰ মাজতে সীমাবদ্ধ নহয়। ইয়াৰ প্ৰকৃত শক্তি লুকাই আছে উত্তৰ-পূৰ্বাঞ্চলক ই কেনেকৈ স্বাৱলম্বী কৰিব পাৰে তাৰ ওপৰত। কথাটো ভাবি চাওকচোন: বাহিৰৰ পৰা সূতা অনাৰ পৰিৱৰ্তে যদি আমি নিজৰ প্ৰাকৃতিক আঁহৰ ব্যৱস্থা গঢ়ি তোলোঁ? বাঁহক কেৱল কেঁচামাল হিচাপে বাহিৰলৈ পঠিয়াই দিয়াতকৈ যদি ইয়াৰ পৰা উৎপাদিত আঁহ, সূতা আৰু প্ৰিমিয়াম কাপোৰ বিশ্বৰ বজাৰলৈ ৰপ্তানি কৰিব পাৰোঁ?

এই পৰিৱৰ্তন কেৱল ব্যৱসায়িক নহয়, এয়া এক কৌশলগত বিজয় হ’ব। বৰ্তমান বিশ্বৰ ডাঙৰ ডাঙৰ ব্ৰেণ্ডবোৰে কাপোৰ কিনিবৰ সময়ত সোধে — এই আঁহটো ক’ৰ পৰা আহিছে? ইয়াৰ যোগান প্ৰক্ৰিয়াটো পৰিৱেশ-অনুকূল হয়নে? কোন থলুৱা সম্প্ৰদায়ে ইয়াক তৈয়াৰ কৰিছে? উত্তৰ-পূৰ্বাঞ্চলৰ হাতত এই সকলোবোৰ প্ৰশ্নৰ অতি সুন্দৰ উত্তৰ আছে — আমাৰ চহকী বয়ন ঐতিহ্য, জৈৱ-বৈচিত্ৰ্য আৰু এক অনন্য সাংস্কৃতিক পৰিচয়। এতিয়া আমাক মাথোঁ প্ৰয়োজন এক উন্নত উদ্যোগিক প্ৰযুক্তিৰ।

উদ্যোগিক চমু পথ লোৱাৰ বিৰুদ্ধে সকীয়নি

ইয়াত এটা কথা মনত ৰখা দৰকাৰ। আমাৰ অঞ্চলত উদ্যোগ স্থাপনৰ কথা ক’লেই প্ৰায়েই বাহিৰৰ পৰা সাজু মেচিন আনি কাৰখানা খোলাৰ কথা ভবা হয়। কেৱল মেচিন আনিলেই দীৰ্ঘম্যাদী সফলতা পোৱা নাযায়। আচল সফলতা পাবলৈ হ’লে আমি এই প্ৰক্ৰিয়াটোৰ বিজ্ঞান আৰু ইয়াৰ প্ৰযুক্তিটোক নিজে বুজি পাব লাগিব আৰু স্থানীয়ভাৱে ডিজাইন কৰিব লাগিব।

বাঁহ থেতেলিয়াই আঁহ উলিওৱা পদ্ধতি, এনজাইমৰ ব্যৱহাৰ, শুকুওৱাৰ কৌশল আৰু সূতা কটাৰ উপযোগীকৰণ — এই সকলোবোৰ ক্ষেত্ৰত আমাৰ থলুৱা যুৱ প্ৰজন্মই গৱেষণা আৰু নতুন উদ্ভাৱন কৰাৰ সুযোগ আছে। এই কামবোৰ এতিয়া কেৱল ডাঙৰ গৱেষণাগাৰতে সীমাবদ্ধ হৈ থকা নাই; কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰু আধুনিক বিজ্ঞানৰ সহায়ত আমি ইয়াক থলুৱাভাৱেও কৰিব পাৰোঁ। উত্তৰ-পূৰ্বাঞ্চলক কেৱল কাৰখানা নালাগে, আমাক লাগে বস্ত্ৰশিল্পৰ এক উন্নত জ্ঞান আৰু মেধা (Textile Intelligence)।

বস্ত্ৰশিল্পৰ এক নতুন ভৱিষ্যত

উত্তৰ-পূৰ্বাঞ্চল হয়তো কেতিয়াও কপাহ উৎপাদনৰ ডাঙৰ কেন্দ্ৰ হ’ব নোৱাৰিব, কিন্তু তাৰ প্ৰয়োজনেই বা ক’ত? আনক অনুকৰণ কৰাতকৈ নিজৰ সুকীয়া পৰিচয় গঢ়ি তোলাটোহে আচল বুদ্ধিমত্তা। আমাৰ ভৱিষ্যত কেৱল বাহিৰৰ পৰা অনা কপাহৰ সূতাৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকিব নোৱাৰে। আমাৰ হাতত থকা বাঁহৰ আঁহ, এৰি, মুগা, কলৰ আঁহ আৰু বিভিন্ন প্ৰাকৃতিক সম্পদৰ সংমিশ্ৰণেৰে আমি এক অনন্য বস্ত্ৰ অৰ্থনীতি গঢ়িব পাৰোঁ।

উত্তৰ-পূৰ্বাঞ্চল সমগ্ৰ বিশ্বৰ বাবে বহনক্ষম বস্ত্ৰশিল্প আৰু পৰিৱেশ-অনুকূল ফেশ্বনৰ এক মূল যোগানকাৰী কেন্দ্ৰ (Sourcing Hub) হৈ পৰাৰ সম্পূৰ্ণ যোগ্যতা আছে। পৃথিৱীয়ে এতিয়া এনেকুৱা পৰিৱেশ-অনুকূল কাপোৰ বিচাৰিছে। গতিকে সুযোগ আছে নে নাই, সেইটো প্ৰশ্ন নহয়। প্ৰশ্নটো হ’ল — উত্তৰ-পূৰ্বাঞ্চলে কেৱল কেঁচা বাঁহখিনিকে যোগান ধৰি থাকিব নে ভৱিষ্যতৰ কাপোৰখনৰ মূল শিপাডাল নিজে তৈয়াৰ কৰিব?

দ্যা কোৱান্টিকৰ মূল্যায়ন:

বস্ত্ৰশিল্পত চহকী হ’বলৈ হ’লে উত্তৰ-পূৰ্বাঞ্চলে কপাহৰ অৰ্থনীতিক অনুকৰণ কৰাৰ কোনো প্ৰয়োজন নাই। আমাৰ আচল সুযোগ লুকাই আছে প্ৰাকৃতিক আঁহৰ প্ৰযুক্তি, বাঁহ-ভিত্তিক বস্ত্ৰশিল্প আৰু পৰিৱেশ-অনুকূল ফেশ্বন ব্যৱস্থাৰ সঠিক বিকাশত। ইয়াৰ জৰিয়তে আমি আমাৰ প্ৰাকৃতিক সম্পদক বিশ্বমানৰ উৎপাদন আৰু প্ৰিমিয়াম মূল্যলৈ ৰূপান্তৰ কৰিব পাৰিম। উদ্যোগিক দিশটো একেবাৰে স্পষ্ট, এতিয়া কেৱল এক দৃঢ় সিদ্ধান্ত আৰু সঠিক পদক্ষেপৰ প্ৰয়োজন।https://thequantiq.com/as/indian-numbers-game-gdp-growth-government-jobs/

Similar Posts

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে